Site icon CJP

Covid-19: স্বেচ্ছাসেৱক সকলে মানিবলগীয়া নিৰ্দেশাৱলী

Covid-19 ৰ সংকটে সমগ্ৰ দেশজুৰি বহুজনক অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা বঞ্ছিত কৰিছে । তথাপিও স্বেচ্ছাসেৱকসকলে তৃণমূল পৰ্যায়ত প্ৰান্তিক জনগণৰ মাজত এই মহামাৰী সম্পৰ্কে সজাগতা সৃষ্টিৰ লগতে এই সময়ত যাতে তেওঁলোকে কোনো অভাৱ আৰু অসুবিধাৰ সন্মুখীন নহয় তাৰ নিশ্চিতি প্ৰদান কৰাটো প্ৰয়োজনীয়। যদি আপুনি ব্যক্তিগত সামৰ্থ্যৰে অথবা কোনো সংস্থাৰ সৈতে যুক্ত হৈ  স্বেচ্ছাসেৱকৰ দায়িত্ব গ্ৰহণ কৰিব খোজে ,তেন্তে তলৰ নিয়মাৱলী পালন কৰাটো জৰুৰী; যাতে এই সময়খিনিত আপোনাৰ নিজৰ লগতে আনৰ সুৰক্ষাও নিশ্চিত হয়ঃ

 

যদিহে আপুনি ৬০ বছৰৰ অনুৰ্ধৰ তথা ডায়বেটিছ আৰু কেনেধৰণৰ স্নায়বিক ৰোগৰ সমস্যাৰ পৰা মুক্ত, তেতিয়াহে আপুনি স্বেচ্ছাসেৱকৰ দায়িত্ব গ্ৰহণ কৰিব। চমুকৈ, যদিহে আপুনি যুৱ আৰু স্বাস্থ্যৱান তেতিয়াহে দায়িত্ব গ্ৰহণ কৰক।

 

দুৰ্গতজনৰ সেৱাৰ সময়ত মাস্ক বা গ্ল’ভছ্ অথবা অন্যান্য সুৰক্ষামূলক সজুলি ব্যৱহাৰ কৰক।

 

গ্ল’ভছ্ বা মাস্ক পৰিধানৰ পিছতো চকু, কাণ আৰু মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থাকক।

 

নিকটতম স্পৰ্শ পৰিহাৰ কৰক। আপুনি সহায় আগবঢ়োৱা ব্যক্তিজন অথবা অন্যান্য সহকৰ্মীৰ পৰা কমেও ৬ ফুট দুৰত্ব বজাই ৰাখক।

 

আনৰ সৈতে স্পৰ্শৰ পৰা হাত দুখন আতৰাই ৰাখক।কাৰোৰে সৈতে কৰমৰ্দন বা আলিংগন নকৰিব অথবা পৰস্পৰৰ মাজত হাতত হাত থপৰিয়াই আনন্দ প্ৰকাশ নকৰিব।

দলৱদ্ধ কামৰ পৰা বিৰত থাকক। নিৰাপত্তাৰ খাতিৰত এঠাইত দুজনীয়া গ্ৰুপ হৈ কাম কৰক।

আপুনি স্পৰ্শ কৰা স্থানসমূহৰ ক্ষেত্ৰত সাৱধান হওঁক। একেবাৰে প্ৰয়োজনীয় নহ’লে যিকোনো স্থান বা পৃষ্ঠ স্পৰ্শ কৰাৰ পৰা বিৰত থাকক।

৬০% শতাংশ এলক’হল যুক্ত এটি হেণ্ড চেনিটাইজাৰ লগত ৰাখক। ইয়াক সঘনাই ব্যৱহাৰ কৰক। চাবোনেৰে কমেও ২০ ছেকেণ্ড জুৰি জোৰেৰে ঘঁহি সঘনাই প্ৰয়োজন অনুসাৰে হাত ধুই লওক।

আপোনাৰ কাপোৰ, বেগ আদি বীজাণুমুক্ত কৰি ৰাখক। মাস্ক আৰু গ্ল’ভছ্ সমূহ খুলি দিওঁতে অতিশয় সাৱধানতা অৱলম্বন কৰিবই লাগিব।অন্যথা আপুনি আপোনাৰ সৈতে থকা পৰিয়ালৰ আন কাৰোবাকো সংক্ৰমিত কৰিব পাৰে। কাপোৰ, বেগ আৰু চাবিৰ কাৰণে চাবোন পানী, যিকোনো সাধাৰণ পৃষ্ঠৰ কাৰণে ব্লিচিং পাউদাৰ যুক্ত পানী আৰু ফোনৰ বাবে এলকহল যুক্ত চেনিটাইজাৰ ব্যৱহাৰ কৰিব পৰা যায়।

জ্বৰ, কাহ আৰু শ্বাস প্ৰশ্বাসত কষ্ট আদি লক্ষণৰ প্ৰতি নজৰ দিয়ক। নিজকে পৰিয়ালৰ লগতে আন সকলোৰে পৰা আতৰাই ৰাখক আৰু চিকিৎসকৰ পৰামৰ্শ লওক।

সামাজিকভাৱে বিচ্ছিন্ন কৰাৰ সময়ছোৱাত পৃথকে থকাৰ ভয় অথবা সামাজিক ব্যৱধান বৃদ্ধিয়ে মানসিক স্বাস্থ্যৰ ক্ষতি সাধন কৰিব পাৰে। এনে সময়ত সহায়কাৰী কৰ্মী সকলৰ মাজত সাধাৰণতে  উৎকন্ঠা আৰু মানসিক অৱসাদগ্ৰস্ততা  দেখা যায়। যদি সম্ভৱ হয় এগৰাকী থেৰাপি বিশেষজ্ঞৰ সহায় লব।

জিৰণি লওক, লগতে স্ব-যতনৰ প্ৰতিও সচেতন হওঁক।

Related:

#CJPAgainstCovid: CJP maps aid to the marginalised adversely impact by the Coronavirus catastrophe 

Covid-19: guidelines for volunteers providing non-medical relief to the needy  

(Feature Image – Firstpost)